বিহংগম দৃষ্টিৰে সাম্প্রতিক অসমীয়া কবিতাত পাৰিপাৰ্শ্বিক চেতনাঃ এক আলোকপাত
ঋতুৰাজ শইকীয়া, স্নাতকোত্তৰ দ্বিতীয় ষান্মাসিক
“ecopoets offer a
vision of the world that values the interaction between two interdependent
desires, both of which aim to address the modern separation between humanity
and the rest of nature." (Bryson, p.৪)।
প্ৰাচীন কালৰে পৰা প্ৰকৃতি
আৰু মানুহৰ অংগাগী সম্পৰ্ক আছে। কিন্তু সাম্প্ৰতিক অসমীয়া সাহিত্যৰ পৰিপ্ৰেক্ষাত
পাৰিপাৰ্শ্বিক সমালোচনা(Ecocriticism) এটা অৰ্বাচীন বিষয়হে।বৰ্তমান সময়ত বাঢ়ি অহা গোলকীয় উষ্ণতা আৰু অ’জন স্তৰৰ অৱক্ষয় তথা জীৱ-
জগতৰ মৌলিক উপাদানবোৰৰ(মাটি, পানী, বায়ু)
ওপৰত হোৱা বৰ্দ্ধিত প্ৰদূষণ আদিয়ে পাৰিপাৰ্শ্বিক সমালোচনাৰ প্ৰাসংগিকতা বৃদ্ধি
কৰিছে। এনে কাৰণতেই পাৰিপাৰ্শ্বিক সমালোচনা তত্ত্বৰ অধ্যয়নৰ পৰিসৰ বিভিন্ন
সাহিত্যিক বিধাৰ লগতে ইতিহাস, দৰ্শন, মনোবিজ্ঞান,
বিজ্ঞান, চলচ্চিত্ৰ আদিলৈও সম্প্ৰসাৰিত হৈছে।
সহজ অৰ্থত পাৰিপাৰ্শ্বিক
কবিতা মূলতঃ মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্কৰ উপস্থাপন। ইয়াত
পাৰিপাৰ্শ্বিককেন্দ্ৰিকতাই মূল বিষয়। অৱশ্যে অতি পুৰণি অসমীয়া লোক-সাহিত্য, ফকৰা-যোজনা, পটন্তৰ,
ডাকৰ বচন আদিতো পৰিৱেশ সম্পৰ্কীয় উপাদানৰ প্ৰয়োগ দেখা যায়। আধুনিক
কালত সভ্যতাৰ দ্ৰুত বিকাশ আৰু উন্নয়নে মানৱকেন্দ্ৰিক ধাৰণাৰ
জন্ম দি প্ৰকৃতি জগতক অৱহেলা কৰি আহিছে। আধুনিক জীৱনে মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্কত
বৃহৎ ব্যৱধান আনিছে। এনে এক পৰিস্থতিতেই প্ৰকৃতি আৰু মানুহৰ মাজত ভাৰসাম্য অনাৰ স্বাৰ্থত অসমীয়া কবিতাৰ
মাজতো প্ৰকৃতি সচেতনতাৰ দৰে দৃষ্টিভংগীৰ প্ৰাসংগিকতা আহি পৰিছে। নীলিম
কুমাৰে ‘ভূত’ কবিতাটোত কৈছে:
মাজৰাতি আপোনাৰ ঘৰটো
যদি হঠাৎ/ লৰচৰ কৰে, আৰু শুনে
••• ••• •••
আপুনি মনত পেলাওক/ সেইজোপা
বটগছক
যি বছৰ বছৰ ধৰি/ বতাহৰ সৈতে হালি- জালি খেলিছিল
যিজোপা কাটি সজালে/ আপোনাৰ ঘৰ
সেইজোপা বটে মাজৰাতি লৰায়/
আপোনাৰ ঘৰ
সেইজাক বতাহে খিৰিকী খুলি ৰাতিৰ/
পৰ্দা উৰুৱাই আপোনাৰ।
ইয়াত কবিয়ে মানুহ এজনৰ অকাল
মৃত্যুত আত্মাটোৱে অঘৰী ৰূপ লৈ যান্ত্ৰণাত হাবাথুৰি খোৱাৰ প্ৰসংগটোক গছ এজোপাক অকালতে দৈনন্দিন জীৱনৰ স্বাৰ্থ পূৰণৰ বাবে হত্যা কৰাৰ পাছত গছজোপাৰ
আত্মাটোৱেও হাবাথুৰি খোৱাৰ সৈতে সংযুক্ত কৰিছে।
কবিয়ে গছজোপাক মানুহৰ দৰে অংকন কৰি অৰণ্যৰ গছজোপালৈ মনত পেলাবলৈ কৈ পৰিৱেশ
সচেতনতাৰ দিশটোক মানুহৰ উপলদ্ধিযোগ্য কৰি তুলিছে।
ৰাজীৱ বৰাৰ ‘দহটা পো’
কবিতাটো পাৰিপাৰ্শ্বিক কবিতাৰ ক্ষেত্ৰত উল্লেখযোগ্য। ইয়াত ভৱিষ্যত চিন্তাৰে
বৰ্তমানৰ কৰনীয়খিনিক আঙুলিয়াই দিব বিচাৰিছে:
০২/০২/২২২২ তাৰিখটো
লিখিবলৈ/ আজিৰ কোনো বাচি নাথাকিব
থাকিবনে ধানলৈ এচিকটা
মাটি/ কাৰণ আমাৰ দহো আঙুলিত
প্ৰতিদিনে প্লাষ্টিকৰ খেতি
••• •••
•••
আমাৰ কবিতাৰ হাড়ত গজিবলৈ
থাকিবনে/ কোনোবা প্ৰেমিকৰ চোতালৰ দুডাল
দুবৰি/ ভয়ংকৰ সপোন এটা কৈ ভয় ভগাবলৈ থাকিবনে/ গাঁৱৰ মূৰৰ
জয়াল বাট
বুঢ়া গছৰ আঙঠিয়ে ধৰি থ’ব
ইতিহাস/ যদি আমি গছবোৰ বাচিবলৈ দিওঁ
পো নথকাৰ পিছতো মাটিত
গুজি থওঁ/ দহোটা পো
“এক বৃক্ষ দশ পুত্ৰ
সম।”— এই উক্তিৰ আঁত ধৰিয়েই ইয়াত কবিয়ে হাজাৰ হাজাৰ বছৰৰ পাছৰ পৃথিৱীখনৰ কল্পনা কৰিছে।
অন্যহাতে আকৌ প্ৰকৃতিলৈ
অহা সংকটে জীৱকুলৰ মাজৰ আন্ত: সম্পৰ্ক ভাৰসাম্যহীন কৰি তুলিছে। এনে চেতনা বিশিষ্ট হৰেকৃষ্ণ ডেকাৰ ‘তিনিটা কবিতা’
শীৰ্ষক কবিতাটো প্রকৃতিলৈ অহা সংকটৰ সাৰ্থক ৰূপায়ণ। কবিতাটোত আছে-
পাহাৰৰ জুয়ে হাবিখন
ছানিছে।/ গছবোৰে নীৰৱে চিঞৰিছে।
সিহঁতৰ চকুপানী ধোঁৱা হৈ
আকাশ চুইছে,/ বৰষুণ হৈ সৰিছে।
আকৌ, বীৰেণ গগৈৰ
‘এৰাবাৰীত আবেলি’ কবিতাটোও একে ভাৱৰ দ্যোতক
এতিয়াহে ঋতুহীন হাবি – মাটি/
ডালে-পাতে নাচি- বাগি নাহে বতাহ
সেউজীয়া হেৰুৱাই হাহাকাৰ অৰণ্য/ নদী-পানী নেপাই মৃতুৰে যুঁজিছে মাছ
কবিতাটোত জলবায়ু
পৰিৱৰ্তনৰ অনুৰণন শুনা যায়। অতীত আৰু বৰ্তমানৰ তুলনাৰে প্ৰকৃতিৰ প্ৰতি অহা সংকটে ইয়াত অধিক স্পষ্টতা লাভ কৰিছে। ‘চৰাইটো’ নামৰ কবিতাটোত
লুটফা হানুম ছেলিমা বেগমে গছ বিচাৰি নোপোৱা চৰাইৰ বিপৰ্যয়ৰ ছবি দাঙি ধৰিছে:
চৰাইটো উৰি ফুৰিছে/
দিহিঙে-দিপাঙে বনে-বনে
উৰি ফুৰিছে সি/ ডেউকাযোৰ
তাৰ
আৰু অকণমানি হৃদয়খন জুৰাবলৈ/ এজোপা গছ পোৱা হ'লে
গছ অবিহনে
চৰাই গৃহহীন, আশ্ৰয়হীন। বৰ্দ্ধিত বন ধ্বংসই
গছৰ পৰিমাণ কমাই আনিছে। ‘জিৰণি ল’বৰ বাবে’, ‘বাঁহ সাজি
পোৱালি জন্ম দিবৰ বাবে’ চৰাইটোৱে আশ্ৰয়স্থলী এজোপা গছ বিচাৰি পোৱা নাই। কবিয়ে এনে
এক দোত্যনাৰে সাম্প্ৰতিক সময়ত প্ৰকৃতিৰ প্ৰতি নামি অহা সংকটৰ ছবি দাঙি ধৰিছে। নতুন
প্ৰজন্মৰ এগৰাকী কবি সুশান্ত বৰাৰ ‘ভোগদৈ’ কবিতাটোৰ প্ৰকাশভংগী
ব্যতিক্ৰম। ইয়াত প্ৰকৃতিৰ প্ৰতি অহা সংকটক মানৱীয় সংকটলৈ পৰিৱৰ্তন কৰিছে।
কেনে পালি বস্ত্ৰ হৰণৰ
ভাওনা/ গা পাতি নিকা কৰিছিলি যে চহৰীয়া দুখ?
মানুহ দুঃশাসন।/ উশাহ চটা মাৰিলে মানুহ মৰে/ তোৰচোন
এডিঙি বালি!
তই মৰিছ ভোগদৈ মৰিছোঁ মই।
‘বস্ত্ৰ হৰণ’ৰ
প্ৰসংগ টানি আনি মানুহ আৰু প্ৰকৃতিৰ মাজত ভাতৃৱৎ সম্পৰ্কক নিৰ্দেশ কৰিছে। মহাভাৰতত
ভাতৃয়ে দ্ৰুপদীৰ বস্ত্ৰ হৰণ কৰাৰ দৰেই প্ৰকৃতিৰ ভাতৃতুল্য মানুহক দু:শাসনৰ লগত
তুলনা কৰি প্ৰকৃতিৰ মৃত্যুমুখীতাৰ কাৰক হিচাপে অংকন কৰিছে। ভোগদৈত নগৰীয়া জাবৰ -
জোঁথৰবোৰ অত্যাধিক হাৰত পেলোৱাত ক্ৰমে বাম হৈ আহিছে। আজি সেই ভোগদৈ শুকাই গৈ তাৰ
বুকুত কেৱল বালি। ভোগদৈৰ এনে যান্ত্ৰনাই নদীপৰীয়া মানুহবোৰকো জীয়াতু ভুগাইছে। এই
কবিতাটো ভোগদৈৰ বিপৰ্যয়ৰ বাস্তৱ চিত্ৰকল্পৰ সুন্দৰ ৰূপায়ণ।
অতীজৰে পৰা
প্ৰকৃতি বিষয়ক কবিতাৰ প্ৰচলন আছিল যদিও
ইয়াত মানৱকেন্দ্ৰিকতাক মুখ্যৰূপে গ্ৰহণ কৰিছিল। পাৰিপাৰ্শ্বিক কবিতাত
মানৱকেন্দ্ৰিকতাৰ ধাৰণাক বৰ্জন কৰিছে। ইয়াত মানুহৰ পৰিৱৰ্তে পৰিৱেশতন্ত্ৰক
কেন্দ্ৰ হিচাপে অংকন কৰা হৈছে। খঞ্জনা শৰ্মাৰ ‘এজোপা
গছৰ মৃত্যুত’ নামৰ কবিতাটোত প্ৰকৃতিক কেন্দ্ৰ হিচাপে অংকন কৰা দেখা যায়। যথা,
সৰি পৰা প্ৰতিখিলা
পাতত/ মানুহে হেৰুৱায় হাজাৰ উশাহ
মৰি অহা ডালত ঘুণীয়া হয়/
প্ৰজন্মৰ দেহৰ সৰু বৰ হাড়
•••
•••
•••
এই সকলোবোৰ অৰণ্যই দেখি
থাকে/ আৰু মানুহক কাণে কাণে কয়,
এজোপা গছৰ মৃত্যু/
হাজাৰজন মানুহৰ অকাল মৃত্যু।
প্ৰকৃতিক
নিৰ্ভৰ কৰিয়েই মানৱজাতি বৰ্তি আছে। প্ৰকৃতি আৰু মানুহৰ সম্পৰ্কৰ মাজত এক
ভাৰসাম্যতাৰ প্ৰয়োজন। বৰ্তমান প্ৰকৃতিৰ প্ৰতি অহা সংকটে এই সম্পৰ্কক প্ৰভাৱিত
কৰিছে। কবিয়ে এজোপা গছৰ মৃত্যুক হাজাৰজন মানুহৰ অকাল মৃত্যুৰ লগত তুলনা কৰি মানৱৰ
উৰ্দ্ধত প্ৰকৃতিজগতক উপস্থাপন কৰিছে। অনিৰ্বাণ দত্তৰ ‘ভুলটো ক’ত’ কবিতাটোও একেই
ধৰ্ম বিশিষ্ট।
চকুত/ পিটনিটোৱে/ চিপ টানি আছে/ পাৰত
বেত-বঁহত নাই
নাই নলাটোৰ গিৰিহঁত/
শাওণৰ কোলাহলো নাই/ পংগু নৈ নলা টিলা
হেৰাইছোঁ/ হেৰুৱাইছোঁ/ বিচ্ছিন্ন হৈছে হাতবোৰ/ মুহূর্ততে
অথাই সাগৰ সমাধি/ কোনটো মোহনাত নাছিল সেই বন/ ইয়াত সকলো উচন।
আধুনিক নাগৰিক জীৱনে
জৈৱ- বৈচিত্ৰক বিলুপ্তিৰ পথলৈ ঠেলি দিছে। ‘পিটনি’, ‘বাঁহ-
বেত’, ‘শাওণ’, ‘আকাশ’, ‘নৈ’ আদিৰ মাজেৰে মৃত্যুৰ গৰাহত ককবকাই থকা পাৰিপাৰ্শ্বিক জগতৰ হৃদয়বিদাৰক
ছবিখন প্ৰস্ফুটিত হৈছে। ‘হেৰাইছোঁ’, ‘হেৰুৱাইছোঁ’ উদ্ধিটিয়ে
প্ৰকৃতিৰ সংকটক মানৱীয় সংকটলৈ পৰিৱৰ্তন কৰিছে। ‘হাতবোৰ বিছিন্ন হোৱা’ প্ৰসংগই
মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্কৰ মাজত সৃষ্টি হোৱা ব্যৱধানক নিৰ্দেশ কৰিছে। শেষত
মানুহে প্ৰকৃতিৰ ওচৰত হেয় হৈ অনুসূচনাত দগ্ধ হৈছে। একেদৰেই নীলাভ সৌৰভৰ ‘গছ’
কবিতাটোতও প্ৰকৃতিক কেন্দ্ৰ হিচাপে অংকন কৰা দেখা যায়।
কাক সাৱটি ধৰিম - গছ এজোপাক/
চুমা খাম কাক- গছ এজোপাক
ভগৱান বুলি কাক মতোঁ- গছ এজোপাক/ ক’ত জঁপিয়াই দিম
সুধোঁ নে- গছ এজোপাক/
কাক প্ৰাৰ্থনা কৰিম- গছ এজোপাক।।
জন্মলগ্নৰে পৰা মানৱজাতি
প্ৰকৃতিৰ লগত সংপৃক্ত। ইয়াত গছক ভগৱানৰ লগত তুলনা কৰি মানৱজাতিৰ ত্ৰাণকৰ্তা ৰূপে
প্ৰতিষ্ঠা কৰিছে। কবিতাটিত ৰিমি-ৰিমি কৈ গছৰ প্ৰতি মানুহৰ আধ্যাত্মিক ভাৱৰ অনুৰণন
শুনা যায়। প্ৰকৃতি জগতেই মানৱ জাতিক সংকটমুখীতাৰ পৰা উদ্ধাৰ কৰিব পাৰিব। এনে ভাৱৰ
সমাৱেশে প্ৰকৃতিক কেন্দ্ৰ হিচাপে অংকন কৰিছে।
কুশল দত্তৰ ‘পৃথিৱীৰ শেষ গছজোপা’ কবিতাটো প্ৰকৃতিৰ প্ৰতি নৈতিক দায়িত্বৰ
বাৰ্তা বাহক। কবিতাটোৰ আৰম্ভণিৰ উপস্থাপনতেই এনে ভাৱৰ সুৰ স্পষ্ট। যথা,
আজোককাৰ আজোককাই প্রথম পুলিটো ৰুইছিল/ বাৰী
শুৱনি পুলিটো ৰোৱাৰ
তেতিয়া বিশেষ একো উদ্দেশ্য
নাছিল/ কাৰণ তেতিয়া নিজে নিজেই চাৰিওফাল
সেউজীয়াৰে উভৈনদী আছিল/
ককা আৰু দেউতাই সাৰ-পানী দি
আটোমটোকাৰিকৈ আলপৈচান ধৰিছিল
গছজোপাক/ তেতিয়াও উদ্দেশ্য বা বিধেয়ৰ
কথা বিশেষ একো ভবা নাছিল
তেওঁলোকে/ পিছে মোৰ নাতিটোৰ কথা সুকীয়া/
সি তাৰ স্কুললৈ পানী নিয়া
বটলটোৰ সদায় আধা দি হ'লেও/ পৃথিৱীৰ শেষ
গছজোপা জীয়াই ৰাখিবলৈ
সংকল্পৱদ্ধ/ কাৰণ তাৰ মতে তাৰ সাধুকথাৰ
কিতাপবোৰত বৃক্ষদেৱতাৰ বাদে/
ভাল দেৱতা আন কোনোৱেই নহয়
ইয়াত অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ ৰূপায়নে প্ৰকিতিৰ প্ৰতি মানুহৰ নৈতিক দায়িত্বক অধিক
স্পষ্টতা প্ৰদান কৰিছে। আজোককা অৰ্থাৎ পূৰ্ব পুৰুষৰ সময়ত মানুহৰ মাজত সেই নৈতিকতা
বিৰাজমান অৱস্থাত আছিল। কিন্তু আধুনিকতাই বশ কৰা মানৱ জাতিৰ
সন্মুখত নৈতিক দায়িত্ববোধে গুৰুত্ব হেৰুৱাইছে। এই প্ৰসংগত ভৱিষ্যতৰ চিত্ৰণ কবিৰ
সৃষ্টশীলতাৰ অন্যতম প্ৰকাশ। কবিৰ নতিয়েকে স্কুললৈ পানী নিয়া বতলটোৰ আধা পানী দি
হ’লেও পৃথিৱীৰ শেষ গছজোপা জীয়াই ৰাখিবলৈ সংকল্পবদ্ধ হোৱা— প্ৰসঙ্গৰ অৱতাৰণাৰে
বৰ্তমান সময়ক উদ্বুদ্ধ কৰাৰ প্ৰয়াস কৰিছে। ভৱিষ্যতৰ চিত্ৰণে পাঠক সমাজৰ মাজত
প্ৰকৃতিৰ প্ৰতি নৈতিক দায়িত্বৰ প্ৰাসংগিকতা উপলদ্ধিযোগ্য কৰি তুলিছে।
পাৰিপাৰ্শ্বিক
সমালোচনা তত্ত্বৰ উদ্ভৱে মানুহ পুনৰ প্ৰকৃতিৰ বুকুত প্ৰোথিত হোৱাৰ ধাৰণাৰ জন্ম
দিছে। নগৰমুখীতাৰ বিপৰীতে গ্ৰামীণমুখীতা, যান্ত্ৰিকতাৰ
বিপৰীতে প্ৰকৃতিৰ বুকুত শান্তিৰ সন্ধান কৰা আদি চেতনাই মানুহক পুনৰ প্ৰকৃতিৰ বুকুত
প্ৰোথিত কৰাৰ প্ৰয়াস কৰিছে। প্ৰকল্প ৰঞ্জন ভাগৱতীৰ ‘দুখ’ কবিতাটোত মানুহক
প্ৰকৃতিৰ বুকুত প্ৰোথিত কৰাৰ চেতনা প্ৰকাশ পাইছে।
পৃথিৱীখনক
এৰি থৈ যোৱাৰ দুখটো/ ছন পৰা মাটি এডৰাত
আলফুলে পুতি
তাৰ ওপৰতে এটা গছপুলি
ৰুলোঁ৷/ এদিন গছ হৈ পুলিটোৱে ফুল হাঁহিব।
ময়ো এদিন মাটি হৈ উভতি
আহিম/ বৃক্ষৰ ওচৰলৈ।
মানুহ মৰণশীল। মানুহৰ
মৃত্যুৰ পাছতো প্ৰকৃতি থাকিব। পৃথিৱীক প্ৰাণ ভৰি ভাল পোৱা প্ৰতিগৰাকী মানুহেই এটি
‘দুখ’ লৈ পৃথিৱীখনক এৰি থৈ যায়। কবিয়ে সেই দুখটো ছন পৰা মাটিত এডাল গছ ৰুই
প্ৰকৃতি চেতনাৰ বাৰ্তা দিছে। মৃত্যুৰ পাছতো কবিয়ে মাটি হৈ গছজোপাৰ ওচৰলৈ অহাৰ
প্ৰসংগৰ অৱতাৰণাৰে মানুহ পুনৰ প্ৰকৃতিৰ মাজলৈ প্ৰত্যাৱৰ্তন হোৱাৰ ধাৰণাক নিৰ্দেশ
কৰিছে। নীলকান্ত শইকীয়াৰ ‘কেতিয়াবাঅৰণ্যত’ কবিতাটোও একই ভাৱৰ দ্যোতক।
মাজে-মাজে মই নিজক নি
এৰি দিওঁ অৰণ্যত/ প্ৰেমৰ শিপাই সাবটি ধৰে হৃদয়
বুকুত বাজে সেউজ
মাদলৰ মাত।/ সলাই লওঁ জীৱন প্ৰকৃতিৰ স'তে
সংগ্ৰহ কৰোঁ নির্মল
উশাহ আৰু/ মানুহৰ আদিমূল কুমাৰী প্ৰকৃতিৰ আনুগত্য।
চকুৰ মণিত সৌন্দৰ্যৰ
জলছবি/ দেও ডৰিকৰ মাতত তল পৰে
দেও মনিচৰ চিঞৰ।
মানুহ প্ৰকৃতিৰ সন্তান।
প্ৰাচীন সভ্যতাত প্ৰকৃতিৰ বুকুতেই মানুহৰ জন্ম। আধুনিক সভ্যতাই মানুহৰ জীৱনলৈ
কঢ়িয়াই অনা হা - হুমুনিয়া, অৱসাদ, অস্থিৰতা,
সংশয় আদিয়ে মানুহক প্ৰশান্তিৰ হকে পুনৰ প্ৰকৃতিলৈ
প্ৰত্যাৱৰ্তনমুখী কৰিছে। প্ৰকৃতিৰ মাজত মানুহে বিচাৰি পাই নিজক, বিচাৰি পাই সেউজীয়াৰ মাজত নিস্বাৰ্থ প্ৰেম, নিৰ্মল
উশাহত বিচাৰি পাই সতেজ মনোচিন্তা। তেনে এক সংগলাভৰ বাবেই মানুহে যান্ত্ৰিক জীৱনৰ
ধূসৰতাৰ বিপৰীতে জীয়াই থকাৰ আশ্ৰয় হিচাপে প্ৰকৃতিৰ সন্ধান কৰিছে।
পাৰিপাৰ্শ্বিক
সমালোচনা আধুনিক সাহিত্যৰ নৱ সংযোজন। মানৱ আৰু প্ৰকৃতিৰ সামঞ্জস্য অধ্যয়নেই ইয়াৰ
মূল আধাৰ। পাৰিপাৰ্শ্বিক সজাগতাই অসমীয়া কবিতাত এক নতুন সম্পৰীক্ষাৰ বাট মুকলি
কৰিছে। যিহেতু, অসমীয়া কবিতাত পাৰিপাৰ্শ্বিক দৃষ্টিভংগীৰ
আগমন বৰ বেছি দিনৰ নহয়। এই দৃষ্টিভংগীৰ উপস্থাপনত আৰু নতুন নতুন সম্পৰীক্ষাৰ
প্ৰয়োজন আছে।
সহায়ক গ্ৰন্থপঞ্জী
ভাগৱতী, প্ৰকল্প ৰঞ্জন, পাৰিপাৰ্শ্বিক কবিতা, গুৱাহাটী: অসম পাবলিচিং কোম্পানী, প্ৰথম সংস্ক.,২০২৩
Bryson, J. Scott. Ecopoetry : A
Critical Introduction. Salt lake City : University of Utah Press,2002
দাস, জ্যোতিষ্মান. ‘পাৰিপাৰ্শ্বিক কবিতা (Ecopoetry) আৰু
অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ ধাৰা: এটি বিক্ষিপ্ত প্ৰস্তাৱনা’, গৰীয়সী, নৱেম্বৰ.২০২৪, পৃ.
৩৫-৪০
হিলৈদাৰী, পৰী. ‘পাৰিপাৰ্শ্বিক
চেতনাসম্বলিত কাহিনী- সাহিত্য আৰু অসমত ইয়াৰ চৰ্চা’, গৰীয়সী,
নৱেম্বৰ. ২০২৪, পৃ. ২০-২৪

No comments:
Post a Comment