একবিংশ শতিকাৰ অসমীয়া উপন্যাস: এক সমীক্ষাত্মক আলোচনা
সাহিত্যৰ
বিভিন্ন অংগৰ ভিতৰত মানৱ জীৱন পূর্ণভাবে চিত্রিত কৰাৰ ক্ষেত্ৰত অন্যতম হ'ল উপন্যাস। সাহিত্যৰ অন্যান্য বিধাসমূহৰ তুলনাত উপন্যাসৰ
পৰিসৰ ব্যাপক। বিশ্ব সাহিত্যিৰ পৰম্পৰাকে আৰম্ভ কৰি অসমীয়া সাহিত্যৰ ক্ষেত্ৰতও
উপন্যাসৰ মাজত বিভিন্ন নতুন নতুন সম্পৰীক্ষা পৰিলক্ষিত হয়। এনে সাহিত্য সৃষ্টিৰ
প্ৰসংগত লেখকে অবাধ স্বাধীনতা লাভ কৰে। ঊনবিংশ শতিকাৰ নব্বৈ দশকৰ পৰা একবিংশ
শতিকাৰ দ্বিতীয় দশকলৈকে প্ৰায় ত্ৰিশ বছৰ কাল অসমীয়া উপন্যাসে নানা ৰূপান্তৰেদি
ৰূপ পাই আহিছে।
পোনপ্ৰথমে অসমীয়া উপন্যাসে
ঐতিহাসিক বিষয়বস্তুৰ আলমতেই গঢ় লৈ উঠিছিল। এই ক্ষেত্ৰত বাটকটীয়া আছিল পদ্মনাথ
গোহাঞি বৰুৱা আৰু একেই বাটৰ পথিক আছিল ৰজনীকান্ত বৰদলৈ। জনজাতীয় জীৱনশৈলীক লৈও
বৰদলৈয়ে উপন্যাস সৃষ্টি কৰিছিল। ‘পদ্মনাথ গোহাঞিবৰুৱাৰ ভানুমতী(১৮৯১), লাহৰী(১৮৯২) আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ ‘পদুম কুঁৱৰী’(১৯০৫, ৰচনা ১৮৯০) – এই তিনিখনৰ পৰাই আধুনিক যুগৰ প্ৰকৃত উপন্যাসৰ
ধাৰা আৰম্ভ হৈছে বুলিব পাৰি’(শৰ্মা, সত্যেন্দ্ৰনাথ; অসমীয়া সাহিত্যৰ
সমীক্ষাত্মক ইতিবৃত্ত, পৃষ্ঠা ৪০৩)।
১৮৯০-৯১ চনৰ পৰা ২০০০ চনলৈ অসমীয়া উপন্যাসৰ পৰিক্ৰমা সুদীৰ্ঘ। এই সময়ছোৱা
ভাষা আন্দোলন, বিদেশী খেদা আন্দোলন, সন্ত্ৰাসবাদ, দেশৰ জৰুৰীকালীন অৱস্থা আদি ঘটনা- প্ৰবাহৰ দ্বাৰা জৰ্জৰিত আছিল। ফলস্বৰূপে
অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি
দিশত তোলপাৰ লাগিছিল। এনে ঘটনা- প্ৰবাহক আধাৰ কৰিয়েই একবিংশ শতিকাৰ উপন্যাসসমূহৰ
প্ৰকাশ ঘটিছিল। একবিংশ শতিকাৰ দুটা দশকৰ উপন্যাসসমূহৰ ক্ষেত্ৰত বিভিন্ন ধাৰা
পৰিলক্ষিত হয়। যথা,
Ø পৰম্পৰাগত উপন্যাসৰ প্ৰকৃতি পৰিহাৰ কৰি নতুন শৈলীৰে
আত্মপ্ৰকাশ কৰা ধাৰা
Ø উত্তৰ আধুনিকতাবাদী উপন্যাসৰ ধাৰা
Ø জীৱনীমূলক উপন্যাসৰ ধাৰা
Ø ঐতিহাসিক ঘটনা-পৰিঘটনা আধাৰিত উপন্যাসৰ ধাৰা
Ø ব্যক্তিগত মনস্তাত্ত্বিক ৰূপ চিত্ৰিত উপন্যাসৰ ধাৰা
Ø সন্ত্ৰাসবাদী বিদ্ৰোহৰ বিভীষিকা প্ৰকাশিত উপন্যাসৰ ধাৰা
Ø পাৰিপাৰ্শ্বিক চেতনা সম্বলিত উপন্যাসৰ ধাৰা
Ø কেম্পাচকেন্দ্ৰিক উপন্যাসৰ ধাৰা
Ø নদীকেন্দ্ৰিক উপন্যাসৰ ধাৰা
Ø বিজ্ঞান মনস্তত্ত্ব আধাৰিত উপন্যাসৰ ধাৰা
Ø মানৱীয় অনুভূতি প্ৰকাশিত উপন্যাসৰ ধাৰা
Ø সমাজ বাস্তৱতা সম্বলিত উপন্যাসৰ ধাৰা
Ø জনজাতীয় উপন্যাসৰ ধাৰা
জীৱনীমূলক উপন্যাসৰ
ক্ষেত্ৰত একবিংশ শতিকাৰ ঔপন্যাসিকৰ দৃষ্টিভংগীও প্ৰাসংগিক। সেইক্ষেত্রত চৈয়দ
আব্দুল মালিকৰ ‘ধন্য নৰ তনু ভাল', ‘ৰূপতীৰ্থৰ যাত্রী', মেদিনী চৌধুৰীৰ ‘ফেৰেংগাদাও', ‘বণ্ডুকা বেহাৰ', লক্ষীনন্দন বৰাৰ ‘সেহি গুণনিধি', ‘যাকেৰি নাহিকে উপাম' ইত্যাদিয়ে তেতিয়াই এক জীৱনীমূলক উপন্যাসৰ পৰম্পৰা সবল কৰি থৈ গৈছে। ফলত নতুন
প্ৰজন্মইও সেই পৰম্পৰাগত দিশটোলৈ ধাউতি মেলিছে। শেহতীয়াকৈ যুৱ ঔপন্যাসিক নীলিম
আকাশ কাশ্যপৰ ‘সোণৰ খাৰু কলিজাৰ ছাঁ' (২০১৬)ও চিত্রশিল্পী আধাৰিত জীৱনীমূলক ৰচনা। ঔপন্যাসিকে সেই
ক্ষেত্রত নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰক বিষয়বস্তুৰ আধাৰ হিচাপে গ্ৰহণ কৰিছে।
ঔপন্যাসিকসকলে তথ্যাদিৰ খনন কার্যৰ জৰিয়তে বুৰঞ্জীৰ প্ৰকৃত সত্যানুসন্ধান কৰে।
নিৰুপমা মহন্তই পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি শঙ্কৰদেৱৰ জীৱনভিত্তিক উপন্যাস ‘সর্বগুণাকৰ' (২০০৭), গোপাল আতা বা গোপালদেৱৰ জীৱন ভিত্তিক
‘গগনে গৰজে ঘন' (২০১৮), মাধৱদেৱৰ জীৱনভিত্তিক ‘ৰসিক সুজান' (২০০৯) ৰচনা কৰি এই শ্রেণী উপন্যাসৰ হাৰ বৃদ্ধি কৰিছে। ড° লক্ষ্মীনন্দন বৰাৰ লগতে, হে বৰাইও গোপাল আতাৰ জীৱনক লৈ ২০০৪ চনতে ‘সুদিন
হামাৰি’ শীৰ্ষক উপন্যাস ৰচনা কৰিছিল। আনহাতে এই শ্ৰেণী উপন্যাসৰ শাৰীত ভগৱান
শ্রীকৃষ্ণক ঐতিহাসিক এক মানৱ চৰিত্ৰ ৰূপলৈ পর্যবসিত কৰা ড° খগেশ্বৰ ভূঞাই ২০০৭ চনত প্রকাশ কৰি উলিয়াইছিল ‘কৃষ্ণবিষ্ণোবাসুদেৱ' শীর্ষক উপন্যাস। মহাভাৰতৰ এই প্রমুখ চৰিত্রক আলম কৰি মানৱীয় সংস্কাৰৰ আদর্শত
ঔপন্যাসিক ভূঞাই আগবাঢ়িছে। মহাভাৰত আৰু
ৰামায়ণক কেন্দ্ৰ কৰি ৰচিত উপন্যাসৰ সংখ্যা তেনেদৰেই ক্রমশঃ বৃদ্ধি পাই আহিছে। ২০০০
চনতে পূৰ্বৰ ক্ষীণ জীৱনীমূলক উপন্যাসৰ ধাৰাটোৰ লগত ‘নিঃসঙ্গতা' অনুপমা বসুমতাৰীৰ জীৱনক লৈ ৰচিত হয়। হোমেন বৰগোহাঞিৰ মতে ‘নিঃসঙ্গতা’ত প্রতিবাদী
নাৰীৰ জীৱন প্রকাশ কৰা হৈছে। ২০০০ চনতে আন এখন জীৱনীমূলক
উপন্যাস ‘যদি কৰা দৰিয়াৰ পাৰ' ৰচনা কৰিছিল জীৱন কলিতাই। উপন্যাসখনত আজান ফকীৰৰ মহানুভৱতা, মুছলমান সমাজ জীৱন আৰু চিন্তা সম্পর্কীয় দিশ তথা ভূমিকা আদিৰ প্ৰতিফলন পৰিদৃষ্ট হয়। এই চনতেই অম্বিকাগিৰী
ৰায়চৌধুৰীৰ জীৱনক কেন্দ্ৰ কৰি ৰচিত হৈছিল আন এখন উপন্যাস ‘জীৱন প্ৰেমৰ অতন্দ্ৰ অনল'। আজাৰ ফকীৰক কেন্দ্ৰ কৰি ২০০৩ চনত কেশৱ চন্দ্ৰ ডাকুৱাৰ ‘সেঁতু', মালাদেৱী বৰগোহাঞিৰ
২০১৫ চনত প্রকাশিত ‘পুলচেৰা', জয়ন্ত মাধৱ বৰাৰ ‘আজান ফকীৰ' (২০১৫) ইত্যাদি জীৱনীমূলক মনোৰম প্ৰকাশ। ইতিহাস আৰু নাৰী, সেই দৃষ্টিৰে আৰু নাৰীৰ শক্তি-সামর্থ্য, কর্তব্য, দেশসেৱা, জাতিপ্রেম ইত্যাদি নানা ধাৰণাৰে এই উপন্যাসৰ সুঁতি সমৃদ্ধ হৈছে। আনহাতে গড়মূৰ
সত্ৰৰ ধমাচাৰ্য শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ মহৎ লক্ষ্যাদিক উপলক্ষ্য কৰি
লক্ষ্মীনন্দন বৰাৰ দ্বাৰা ২০১৪ চনত ‘সেহি
সব্যসাচী'
ৰচিত হৈছিল। ইন্দিৰা মিৰি চৰিত্ৰকেন্দ্ৰিক অনুৰাধা শৰ্মা
পূজাৰীৰ ‘মেৰেং' (২০১০), জয়শ্রী গোস্বামী মহন্তৰ চন্দ্ৰগুপ্তৰ থিংক টেংকাৰ
বিষ্ণুগুপ্ত আধাৰিত উপন্যাস ‘চাণক্য' (২০১৪) আদিও এই শ্ৰেণীৰ উল্লেখযোগ্য উপন্যাস। এনেদৰেই একবিংশ শতিকাত জীৱনীমূলক উপন্যাসৰ এক বিস্তৃত ধাৰা দেখা যায়। জীৱনীমূলক
উপন্যাসবোৰ অনুপ্ৰেৰণামূলক ভাবৰ বাহক হোৱাৰ লগতে সমকালীন সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক দিশবোৰৰো
সম্ভেদ প্ৰকাশক।
ঐতিহাসিক কাহিনী, চৰিত্ৰ, জাতি-জনজাতি আদিও
উপন্যাসৰ বিষয়বস্তুৰূপে উপস্থাপন হৈছে। মৰাণৰাজ বডৌচা, এক অনন্য শক্তিসত্ত্বাৰ ৰাজকন্যা গন্ধেশ্বৰীক ৰাজকোঁৱৰ
চ্যুকাফালৈ বিবাহ দিয়াৰ পশ্চাৎপট অংকনেৰে, তাহানিৰ মৰাণ জাতিক সন্মুখত ৰাখি আহোম-মৰাণৰ মিতিৰ সম্পৰ্কৰে নব্য ইতিহাসৰ
পাতত ব্যতিক্ৰম শৈলীৰ উপস্থাপনেৰে, চ্যুকাফাৰ সৌমাৰ খণ্ডৰ বিস্তাৰ, মৰাণ শৌর্য-বীর্যৰ সংগ্রাম আৰু বৃহত্তৰ অসম গঠনত তাৎপর্যপূর্ণ ভূমিকা, অৱদান আদিক আগত ৰাখি দীপ্তি দত্ত কলিতাৰ
দ্বাৰা ৰচিত হৈছে ‘সোণৰ ৰজাৰ দেশত
এভুমুকি'
(২০১১) শীর্ষক উপন্যাস। ১৯৬২ চনতো শেহতীয়াভাবে
চীন-ভাৰতৰ যুদ্ধ সংঘটিত হৈছিল। এই প্রধান যুদ্ধখনৰ আধাৰত, যুদ্ধজনিত পৰিণতিত, অসমত জন্মগ্রহণ কৰা চীনমূলীয় মানুহখিনিৰ দুর্ভাগ্যজনক পৰিস্থিতি আৰু আচৰণক লৈ
ৰীতা চৌধুৰীয়েও ‘মাকাম' ৰচনা কৰিছিল ২০১০ চনত। উপন্যাসখনত তিনিচুকীয়া জিলাৰ মাকুমৰ
চীনাপট্টিৰ লগতে অন্যান্য প্রাসঙ্গিক উপস্থাপন মূল হৈ পৰিছে। প্রাক্ চ্যুকাফা
মৰাণ জাতিক উৎসকেন্দ্ৰ ৰূপে গ্ৰহণ কৰি ৰুমী
লস্কৰ বৰাইও শেহতীয়াভাৱে এখন অনুপম, তিনিচুকীয়াৰ কাকপথাৰৰ কাহিনী অৱতাৰণাৰে ব্যতিক্রম ইতিহাস সন্ধানী উপন্যাস ‘কালাগ্নি' ৰচনা কৰিছে। একেদৰে
জয়ন্ত মাধৱ বৰাৰ উপন্যাস বা ৰচনাইও অন্য এক সুকীয়া ভাবনা প্রদান কৰে। তেওঁৰ ৰচনা ‘বৃত্ত ভঙাৰ সময়' য়েও পাঠকক নিজা চিন্তা–চেতনাৰে ভবাৰ অৱকাশ
দিয়ে। তেওঁৰ ‘মৰিয়াহোলা' ইতিহাস সন্ধানী সুৰৰ প্ৰকাশ। উপন্যাসখনিত মৰিয়াহোলাৰ লগতে অসমৰ সমাজ জীৱনকেন্দ্রিক আন এক জীৱন্ত
ইতিহাসো আছে। আঞ্চলিক জীৱন-সমস্যাৰ সমানুপাতে ব্যক্তিৰ জীৱন আদর্শইও ঔপন্যাসিকৰ
দৃষ্টি আকর্ষণ কৰিছে। অসম ইতিহাসৰ শেহতীয়া ৰূপ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিক কেন্দ্ৰ
কৰিও উপন্যাস সৃষ্টি উল্লেখনীয়। বিশেষকৈ সংগ্রামী শক্তিসত্ত্বা গোমধৰ কোঁৱৰৰ
বিদ্ৰোহৰ আধাৰত ২০০৯ চনত ৰচনা হৈছিল ডাঃ
বিপুল কুমাৰ বৰুৱাৰ ‘আকাশ, ‘সাগৰ’ আৰু ‘গোমধৰ'। জীৱনকালটো আছিল জাক-জমকতাপূর্ণ আৰু বিশাল স্বপ্ন-চিন্তাৰে
সমৃদ্ধ কিন্তু তেওঁৰ সাম্রাজ্য বিস্তাৰ নীতি ৰহস্যজনক কাৰণত মৃত্যুমুখত পৰাৰ
পশ্চাৎ সম্পূর্ণ নহ'ল। স্বৰ্গদেউ
ৰুদ্ৰসিংহৰ চৰিত্ৰটোক লৈ মিতালী ফুকনে ‘লাইপম' ৰচনা কৰি সন্মিলিত আহোম জাতিক ৰুদ্ৰসিংহৰ আধাৰতে সুন্দৰকৈ
প্ৰতিষ্ঠাপিত কৰিছে। অসমৰ অন্যতম চুতীয়া ৰাজ্যৰ ৰজা নীতিপাল-সাধনীকেন্দ্ৰিক ৰচনাৰে
২০১৩ চনতে তুলিকা শইকীয়াই ‘চাৰিশাল গোসাঁনীৰ
তেজ'
সমৃদ্ধ কৰিছে। একে উৎসসূত্র চুতীয়াক কেন্দ্ৰ কৰি ২০১৪ চনত
অৱশ্যে দিলীপ বৰাৰ ‘সধয়াপুৰৰ সোণৰ
মেকুৰী'
উপন্যাস ৰচনা হৈছে। ২০১৫ চনত জুৰি শইকীয়াৰ সাধনা চৰিত্ৰ
কেন্দ্ৰিক ‘সৌমাৰ নন্দিনী' ৰচিত হৈছে। মিচিং জনজাতিক লৈ শেহতীয়াভাবে (পূৰ্বৰ ‘মিৰি জীয়ৰী'ৰ পৰা) ২০১৫
চনত চন্দনা গোস্বামীৰ দ্বাৰা গুৰুত্বপূৰ্ণ ‘কৌয়ুম' উপন্যাসে প্ৰাণ
পোৱাৰ উপৰিও অসমৰ সাতামপুৰুষীয়া জনগাঁথনিৰ অন্তর্ভুক্ত
দেউৰী-চুতীয়াৰ সমাজভিত্তিক উপন্যাস ‘যোগী শিলাৰ
নৌকা তোৰণ' চক্রেন শইকীয়াৰ দ্বাৰা ২০০৩ চনত প্ৰকাশ হয়। এইবোৰে অসমৰ জনগোষ্ঠীয়
অনুসন্ধান, সন্মান আৰু আত্মপ্ৰকাশৰ বাট প্রশস্ত কৰিছে আৰু নৱ-প্ৰজন্মকো
অনুপ্রাণিত কৰিছে। প্রতাপসিংহ, চন্দ্ৰপ্রভা, আৰিমত্ত, গংগাৱতী, জোঙাল বলহু
ইত্যাদিৰ বিস্তৃত প্রসঙ্গ, আত্মযুক্তিৰে ৰচনা কৰা ৰীতা চৌধুৰীৰ ‘দেওলাংখুই' (২০০৫) উপন্যাসো গুৰুত্বপূৰ্ণ প্রকাশ।
ঐতিহাসিক উপন্যাসবোৰে অতীতক বৰ্তমানৰ সাঁচত ভাঁজ দি ইতিহাসক পুনৰ নিৰ্মাণ কৰাৰ
প্ৰয়াস কৰে।
ব্যক্তিজীৱনৰ
দ্বান্দ্বিক ৰূপ, মানসিক প্রকৃতি
আদিৰ মনোৰম ৰূপায়ণ উপ্যানসসমূহত দেখা গৈছে। অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত ‘জলছবি' (২০১৪) উপন্যাসখনত
এনে দিশৰ প্ৰকাশ স্পষ্ট। পুৰুষ
পৰিস্থিতিতন্ত্রক আগত ৰাখি ‘জিগলো' (২০১৮)য়েও ব্যতিক্ৰমী চৰিত্ৰৰে একবিংশ শতিকাৰ অসমীয়া পাঠকক
আকৃষ্ট কৰিছে। একবিংশ শতিকাৰ সভ্য সভ্যতাত ‘জিগলো' হোৱাৰ কাহিনী, দুৰাৰোগ্য এইডছ্ত আক্ৰান্ত হৈ মেধাৱী আকাশৰ বিপৰ্যয়, সচেতন বার্তা ইত্যাদি উপন্যাসখনত প্রতিফলিত। উপন্যাসখনে অসমৰ সামাজিক প্ৰেক্ষাপটত এক নতুন অলোড়নৰ সৃষ্টি কৰে।
অতীতক ভেঁজা দি সমসাময়িক ঘটনাৰ আধাৰত ৰচিত উপন্যাসসমূহ এনেধৰণৰ— মণিকুন্তলা
ভট্টাচাৰ্যৰ ‘দস্তখত'(২০০৭), ‘বৰদোৱানী'(২০০৬), ‘অৰুন্ধতী' ইত্যাদি। তেওঁৰ ‘দস্তখত' শোণিতপুৰ জিলাৰ চতিয়া জীৱনকেন্দ্রিক চিত্ৰণ। উপন্যাসখনত
বাস্তৱিক সত্তা জড়িত। তদুপৰি ইয়াত ৰাজনৈতিক প্রসংগ আৰু পাৰিপার্শ্বিক ছত্রছায়াও
ভুমুকি মাৰিছে। ভাৰতীয় সমাজব্যৱস্থাৰ মানসিকতা, নাৰী মনস্তত্বৰ দ্বন্দ্ব, পুত্ৰ সন্তানৰ অতীব
আশা আৰু সাংসাৰিক জীৱনৰ অনিবার্য প্রতিফলন ‘বৰদোৱানী' উপন্যাসত প্ৰকাশিত হৈছে। অসমীয়া উপন্যাসৰ শেহতীয়া ধাৰাত ‘বুদ্ধজায়া'(২০১৫) ইও নাৰীসত্তা
গোপাৰ স্ত্রীৰূপ, জী, বোৱাৰী, মাতৃৰূপ,
সখী, পত্নী ইত্যাদিৰে
ভাৰতীয় সমাজত নাৰীৰ স্থান অধ্যয়নলৈ সোঁৱৰাইছে। অন্য এক দৃষ্টিভঙ্গীৰে জুৰী বৰা
বৰগোহাঞিয়েও নাৰী জয়মতীক পুনৰ নিৰ্মাণ কৰি উপন্যাস ৰচনা কৰা দেখা গৈছে। এই প্ৰসঙ্গত ‘নাংফা' (ৰাজকুঁৱৰী) ঊল্লেখনীয়। জয়মতীৰ জীৱনক কেন্দ্র কৰিলেও অন্যান্য প্রাসঙ্গিক
বর্ণনাদিও উপন্যাসখনত আছে। নাৰীৰ প্রতি থকা ব্যতিক্রমী দৃষ্টিভঙ্গী ‘তেজীমলাৰ মাকৰ সাধু' (২০১১)ৰ মাজেৰে অনুভৱ হয়। ঔপন্যাসিক মৃদুল শর্মাই তেজীমলা নামটিৰ আধাৰত সচৰাচৰ
তেজীমলা আৰু মাহীমাক সুমিত্ৰাৰ সহৃদ সম্পর্কৰ চিত্রায়নত
এক নতুন সম্পৰীক্ষা কৰিছে। ই পৰম্পৰাবাদী নাৰীভাৱনাৰ বিৰুদ্ধ
আৰু সন্দেহী মাহীমাকৰ প্ৰতি নতুন ভাৱনাৰ বাহক। ইয়াৰ দুবছৰ
পিছত ৰচিত ‘পোতাপিতনি' (২০১৩), ‘লুপ্তকথা' (২০১৪), ‘নিলগৰ টো' (২০১৫) আদি উপন্যাসও সুকীয়া ৰূপত আৱদ্ধ হৈছে। এই সময়ৰ উপন্যাস শৈলীগত দিশৰ ফালৰ পৰা ভিন্নধর্মী হৈ পৰিছে।
উত্তৰ-আধুনিকতাবাদী উপন্যাস ৰচনাৰ আর্হিতকৈ বাদ পৰি ৰোৱা জনগোষ্ঠীয় সমাজখনো
উপন্যাসৰ বিষ়বস্তুৰ আওতালৈ আনি পাঠকৰ সমাদৰ আদায় কৰিছে। দেৱব্ৰত
দাসৰ ‘ধূসৰতাৰ কাব্য', প্রদীপ্ত বৰগোহাঞিৰ ‘আমেৰিকাক
বিচাৰি'
সাৰ্থক উত্তৰ-আধুনিকতাবাদী উপন্যাস। প্রদীপ্ত বৰগোহাঞিৰ ‘আমেৰিকাক বিচাৰি’ (২০০৫) ৰ
ব্যংগধৰ্মীতাই উপন্যাসখনক সুখপাঠ্যতা দান কৰিছে। অতীত, বর্তমান আৰু ভৱিষ্যতৰ সীমাৰেখাডাল উপন্যাসখনত নিঃচিহ্ন হোৱা
দেখা পোৱা গৈছে। আৰাধনা পটংগীয়া গোস্বামীৰ ‘নেপথ্য
সংগীত’(২০০৯) উত্তৰ-আধুনিকতাবাদী
শৈলীৰে নাৰী সমালোচনা বিষয়ক উপন্যাস বুলি অভিহিত কৰিব পাৰি। উত্তৰ- আধুনিকতাবাদৰ
লগতে উত্তৰ- সংযুতিবাদৰ ধাৰণাইও এই সময়ৰ উপন্যাসক প্ৰভাৱিত কৰিছে।
বিদ্রোহী সমস্যাৰ উপস্থাপনে এই সময়ৰ উপন্যাসক এক নতুন সোৱাদেৰে সমৃদ্ধ
কৰিছে। ‘ছাংলট ফেনলা'ৰ জৰিয়তে পৰাগ কুমাৰ দাসে ১৯৭৯ চনৰ এপ্ৰিলত আলফাৰ জন্মৰ
প্ৰসঙ্গ উপস্থাপন কৰিছে। ৰাষ্ট্ৰৰ সৈতে সংগ্রাম, অসমৰ বীভিষিকাময় পৰিস্থিতি, নিৰীহৰ ওপৰত
সেনাবাহিনীৰ অত্যাচাৰ ইয়াৰ বক্তব্য বিষয়। বৈপ্লৱিক চেতনাক কেন্দ্ৰ কৰি কনকসেন ডেকাইও ২০০৯ চনত ‘গৃহযুদ্ধ', ২০১০ চনতে ‘ষ্টেনগান সোঁৱে-বাঁৱে’' আৰু ২০১১ চনত ‘বিপ্লৱৰ খোজ' প্ৰকাশ কৰি উলিয়ায়। ‘আলফা' জন্মৰ এক শক্তিশালী কাৰক আছে। যাৰ ৰাজনৈতিক সমাধান অন্বেষণ
কৰি বহু যুৱক-যুৱতী আলফাত যোগ দিছিল।
ভাৰতৰ ইতিহাসত এনে ঘটনা দেখি কেন্দ্রীয় চৰকাৰ সস্ত্ৰম্ভ হৈছিল ফলত অসম-ভাৰত সংঘাত
তীব্ৰতৰ হৈ উঠিছিল। আলফা আৰু ভাৰত চৰকাৰৰ মাজত প্রত্যক্ষ সংঘাত বহিঃৰাষ্ট্ৰতো
সংঘটিত হৈছিল। ফলশ্রুতিত হীৰা শৰণীয়াৰ দ্বাৰা ৰচিত হৈছিল ‘ভূটানত হেৰাল ধৃতিমান' শীর্ষক অভিজ্ঞতাসম্পন্ন উপন্যাস। এই ২০০৮
চনত প্রকাশিত গ্রন্থখনৰ ছদ্মনাম জে. দর্জী পোৱা যায়। অনুৰূপ
সমস্যাৰাজিত আত্মনিয়োগ কৰি একালৰ আৰক্ষী বিষয়া দিলীপ বৰাই ৰচনা কৰি উলিয়ায় ‘কলিজাৰ আই' (২০০৬), ‘অপহৰণ' (২০১১) ইত্যাদিৰ
উপৰিও ‘ভস্মাচলৰ ছাই' (২০০৯) শীর্ষক উপন্যাসৰাজি। এই প্রকৃতি বা ধাৰাটোত ৰক্তিম শর্মাইও ২০০৬ চনতে ‘জনগণৰ মুক্তিৰ হকে বিপ্লৱৰ কণ্টকাকীর্ণ পথত আজীৱন সংগ্ৰামৰত
শ্ৰদ্ধাৰ ‘ফাদাৰ' ভীমকান্ত বুঢ়াগোহাঁই ওৰফে বিষ্ণুজ্যোতি বুঢ়াগোহাঁইৰ শিল্পী দুহাতত ‘ব'ৰাংগা ভান' শ্ৰদ্ধাৰে বুলি আন এখন উপন্যাস ৰচনা কৰি উলিয়ায়। মৃত্যুঞ্জয়
মহন্তৰ ‘এজাক চগাৰ কালপঞ্জী', অনুৰাগ মহন্তৰ ‘আউলিঙৰ জুই' (২০০৭), গোবিন কুমাৰ খাউণ্ড
ৰচিত ‘মই সঞ্জয় ঘোষে কৈছোঁ’ ইত্যাদি অসমৰ জ্বলন্ত সমস্যাৰ সুন্দৰ প্রকাশ। সন্ত্ৰাসবাদৰ পটভূমিত ৰচিত এখন উল্লেখযোগ্য উপন্যাস হ'ল ড° ধ্ৰুৱজ্যোতি বৰাৰ
‘কালান্তৰৰ গদ্য’। একবিংশ শতিকাৰ ওচৰে-পাজৰে ‘নীলা নৈ' (২০১১) শীর্ষক উপন্যাসেও প্রশাসন সভ্যতা আৰু মানৱতা, মানুহক মানুহ হিচাপে ভাবিব পৰা অক্ষমতা, সহমর্মিতা আৰু সামন্বয়িক চিন্তাৰ অভাৱৰ পৰিণতি, চিন্তাৰ দৈন্যতাই আন একশ্রেণী মানুহক প্ৰভাৱ বিস্তাৰ কৰা
ঘটনাৰ উদাহৰণ দাঙি ধৰিছে। হিংসা, হত্যা, অসহিষ্ণু (Intoler- ance) ভাৱধাৰা বিশ্বৰ প্রান্তে প্রান্তে ভয়ংকৰ বা বীভৎস ৰূপ লৈ প্রতিবিম্বিত। অর্পণা
গোস্বামীৰ উপন্যাসেও পাঠকক পৰম্পৰাগত সমস্যাৰ সেই দিশটোলৈ আঙুলিয়াই দিয়ে।
পাৰিপাৰ্শ্বিক কথা-
বতৰাবোৰেও উপন্যাসত ঠাই পাইছে। পংকজ গোবিন্দ মেধিৰ ‘চৰাই চুবুৰি’ উপন্যাসখনে
প্ৰকৃতিৰ সৈতে পাঠকৰ নিবিড় সম্পৰ্ক আৰু নৈতিক দায়িত্বক নিৰ্দেশ কৰিছে। ‘Eco-Tourism’ আৰু ‘Sustainable Development' য়ে বিশ্ব সম্প্রদায়ক উপকৃত কৰি পূৰ্বৰ Green Nature ৰ ধাৰণাক অনুসন্ধিৎসু কৰাৰ লগতে মানৱৰ সংৰক্ষণ প্ৰৱণতাক উদ্বেলিত কৰে। ‘চৰাই চুবুৰি' তেনে অর্থত প্রাসঙ্গিক আৰু ব্যতিক্রমী প্রকাশৰ প্রচেষ্টা। প্রকৃতিৰ সৈতে সংঘাত, প্রাকৃতিক সম্পদৰ ধ্বংসমুখীতা, চোৰাং চিকাৰ প্রৱণতা আদিৰ দিশৰ প্ৰতিফলন এই শ্ৰেণীৰ
উপন্যাসত পৰিদৃষ্ট। প্রভাত গোস্বামীৰ অন্তযুদ্ধ (২০১৭) ই কাজিৰঙা ৰাষ্ট্ৰীয়
উদ্যানত চোৰাং চিকাৰীয়ে নিধন কৰি অহা গড়, অবাধ বন ধ্বংসক প্রতিনিধিত্ব কৰিছে। অসমৰ এনেবোৰ জ্বলন্ত
সমস্যাত শাসনযন্ত্ৰৰ একাংশও যে জড়িত, অন্যথা এনে প্রকৃতি বিৰুদ্ধ কর্ম অসম্ভর, পাঠকে উপন্যাসখন অধ্যয়ন কৰি সেই বোধো লাভ কৰিবলৈ সক্ষম হ'ব। তেওঁৰ ২০১২ চনত প্রকাশিত ‘শুকুলা হাতীৰ খোজ' (২০১২)তও প্ৰকৃতিৰ
জ্বলন্ত সমস্যা চিত্ৰায়ন হৈছে। ভৱিষ্যত পৃথিৱীৰ পাৰিপাৰ্শ্বিকৰ পুতৌ লগা অৱস্থাৰ
উপস্থাপনেৰে ঔপন্যাসিকৰ গভীৰ পৰিৱেশ সচেতনতাৰ উন্মেষ ঘটা দেখা যায়।
ব্যক্তিগত জীৱনত সংগ্ৰামৰ সৈতে অহৰহ মুখামুখি হোৱা, বিদুষী ঔপন্যাসিক শর্মিষ্ঠা প্রীতমৰ উপন্যাসৰ শৈলীও
ব্যতিক্ৰম আৰু শক্তিশালী। নগাঁৱৰ তৰুণী লেখিকা শর্মিষ্ঠাৰ ‘ৰং' (২০১৬) সুখপাঠ্য আৰু
প্রাত্যাহিক সমস্যাৰ আধাৰ উপন্যাস।
কাব্যশ্ৰী মহন্তৰ ‘কানুৰ আকাশ কানুৰ
পৃথিৱী' (২০১৬) এই দিশৰ এখন
উল্লেখযোগ্য উপন্যাস। অসমত আহি থিতাপি লোৱা বংগমূলীয় (বাংলাদেশ) লোকৰ প্ৰব্ৰজন, বসবাস, তেওঁলোকৰ ভূমিকা, অৱস্থান-অৱস্থিতি ইত্যাদিৰ আধাৰত ৰচিত হৈছে ৰুদ্ৰাণী শৰ্মাৰ
‘কাঁহিবুনৰ মালিতা' (২০১৭)।
ছাত্ৰ জীৱনৰ স্মৃতিৰ আধাৰ, বিদ্যালয় আৰু
বিশ্ববিদ্যালয়ৰ কেম্পাচক কেন্দ্র কৰিও বহুতো উপন্যাস ৰচিত হৈছে। জুৰী বৰা
বৰগোহাঞিৰ ২০০৪ চনত প্রকাশিত ‘ডিব্রুগড়
বিশ্ববিদ্যালয়ৰ নন্দিনী', সদৃশ ভাৱাগ্নিত
অনুৰাধা শৰ্মা পূজাৰীৰ 'নাহৰৰ নিৰিবিলি ছাঁ' (২০০৫), একে অনুভৱৰ আঁচলত
কিশোৰ মনজিৎ বৰাৰ ২০১২ চনৰ 'হৃদয় এখন মহাকাব্য', ২০১৫ চনত প্রকাশিত বিশ্বজ্যোতি শৰ্মাৰ ‘ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৃষ্ণচূড়াৰ ৰং', ধ্রুবজ্যোতি শৰ্মাৰ ‘হৃদয়ত
কৃষ্ণচূড়া' (২০১৪), জয়জিৎ ডেকাৰ ২০১৪ চনত প্রকাশিত ‘দ্য
ইউনিভাৰ্ছিটি’, নবীন বৰুৱাৰ ‘কটন কলেজ’, ড° সুনীতা চাংকাকতিৰ ‘মই কটনিয়ান আছিলো’, প্ৰণৱ কুমাৰ বৰ্মনৰ ‘কটন কলেজৰ হাজাৰ সন্ধিয়া’ ইত্যাদিবোৰ
উপন্যাসে এই শ্ৰেণীৰ উপন্যাসৰ ধাৰাক শক্তিশালী ৰূপ প্ৰদান কৰিছে।
লোকদেৱতা
শিৱও উপন্যাসৰ উৎসৰূপে ভুমুকি মাৰিছে। সেই ক্ষেত্ৰত প্রাৰ্থনা শইকীয়াৰ ‘জঁটাধাৰী’
উপন্যাসৰ নাম ল’ব পাৰি। একেদৰে বৈদুর্য্য বৰুৱাৰ 'দেৱাল' (২০১৫) উপন্যাসে এই সময়ৰ মানুহৰ
অন্ধবিশ্বাস, ভণ্ড আদৰ্শ আদি বক্রোক্তিৰে দাঙি ধৰিছে।
একবিংশ শতিকাৰ এনে স্বৰূপৰ বাদেও নদীকেন্দ্রিক সভ্যতাক কেন্দ্ৰ কৰিও
উপন্যাস ৰচিত হৈছে। নিৰুপমা বৰগোহাঞিৰ ‘এই নদী
নিৰৱধি'
(পাগলদিয়া নদী), স্বর্ণ বৰাৰ ‘দিয়ুং নদীৰ গীত', উমা বৰুৱাৰ ‘ছিয়েন নদীৰ
ঢৌ',
সোণাই নদী কেন্দ্রিক লক্ষ্মীনন্দন বৰাৰ ‘গঙা চিলনীৰ পাখি', লীলা গগৈৰ দিখৌকেন্দ্ৰিক উপস্থাপন ‘নৈ বৈ যায়', ধনশিৰিৰ জীৱনচৰ্যাত চৈয়দ আব্দুল মালিকৰ ‘সুৰুযমুখীৰ স্বপ্ন', ২০০৫ চনত পূৰৱী বৰমুদৈৰ অসমৰ আয়ুস ৰেখা ব্ৰহ্মপুত্র নদীকেন্দ্রিক ‘শান্তনুকুলনন্দন', প্ৰণৱ কুমাৰ শৰ্মাৰ ২০১৭ চনত প্রকাশিত ‘নিত্যমুক্ত ব্রহ্মপুত্র' ইত্যাদি নদী সভ্যতা কেন্দ্রিক অবিচ্ছিন্ন ধাৰাটোৰ উপন্যাস।
বৈজ্ঞানিক মন আৰু
মানসিক প্ৰস্তুতিৰ বাহকস্বৰূপ ‘কায়কল্প' (২০০২) উপন্যাস আন এক কল্প বিজ্ঞানৰ স্তৰ। কায়কল্প চিকিৎসা
পদ্ধতি,
প্রাচীন ভাৰতত ইয়াৰ প্রয়োগ বিধি, কায়কল্প চিকিৎসাৰ নতুন ৰূপ, বিশাল নিৰ্ভৰ প্রযুক্তি আৰু উপাদান, যান্ত্রিক সভ্যতাৰ অন্যান্য পর্যবেক্ষণেৰে লক্ষ্মীনন্দন বৰাৰ ২০০৮ চনত
সৰ্বভাৰতীয় সৰস্বতী সম্মান লাভ কৰা ‘কায়কল্প' ব্যতিক্রম দিশত প্রৱাহিত উপন্যাস।
সাম্প্রতিক প্রেক্ষাপটত ঐতিহাসিক চৰিত্ৰাদিক আধাৰ কৰি উপন্যাস ৰচনাৰ প্রৱণতাও
বৃদ্ধি হৈছে । ২০০১ চনত কৃষ্ণক কেন্দ্র কৰি বগাৰাম দাসে ‘যদা যদাহি ধর্মস্য গ্লানি' শীর্ষকেৰে উপন্যাস ৰচনা কৰে। উপন্যাসখনত শ্রীকৃষ্ণ চৰিত্ৰৰ বিভিন্ন কার্যাৱলীৰ
মাজত তাৎপর্যপূর্ণ দিশ আছে নে নাই আৰু সেইবোৰে বাস্তৱত মানুহক প্রকৃত পথৰ সন্ধান
দিব পাৰিছে নে নাই সেয়া ঔপন্যাসিকে দেখুৱাবলৈ যত্ন কৰিছে। এই ধাৰাত আন আন
ঔপন্যাসিকসকলো প্রভাৱিত হোৱা দেখা গৈছে। ড° খৰ্গেশ্বৰ ভূঞাৰ ‘যথা দৈব তথা
জয়'
(২০০৩), ড°
মালিনীৰ ২০০৮ চনত ‘যাজ্ঞসেনী', ২০১২ চনত ‘মন্দোদৰী', ২০১৫ চনত ‘ঊর্বশী', ২০১৬ চনত ‘শকুন্তলা' ৰচনা কৰাৰ উপৰিও জনক কন্যা সীতাৰ আধাৰত ‘বিদেহ নন্দিনী' (২০০৯), কল্যাণী মহন্তৰ ‘বৈদেহী' (২০০৮) ৰচিত হয়।
তদুপৰি ২০১০ চনত ভীম-হিড়িম্বা কাহিনীৰ(Mythology) আধাৰত ৰচিত উপন্যাস, জয়ন্তী গগৈৰ ‘হিড়িম্বা', অধ্যাপিকা পল্লবী ডেকা বুজৰবৰুৱাৰ ২০১১ চনত প্রকাশিত
ৰাধা-কৃষ্ণকেন্দ্ৰিক ‘কুঞ্জ পৃথিৱীৰ
কৃষ্ণপ্রিয়া', মহাভাৰতৰ নেতিবাচক শীর্ষ চৰিত্ৰ
দুর্যোধনক কেন্দ্ৰ কৰি উপেন্দ্ৰ নাথ বৰুৱাৰ দ্বাৰা ৰচিত ‘মই দুর্যোধনে কৈছোঁ' (২০১১), একে চনতে ৰচিত বিখ্যাত অন্ধৰাজ
ধৃতৰাষ্ট্ৰৰ আধাৰত পুষ্প গগৈৰ ‘ধৃতৰাষ্ট্ৰ' প্রকাশ হয়। মহাভাৰতৰ অন্যতম ত্যাগী নাৰী চৰিত্ৰ গান্ধাৰ কন্যা আধাৰিত ‘গান্ধাৰী' শীর্ষক উপন্যাস
জয়শ্রী গোস্বামীৰ দ্বাৰা ২০১৩ চনত প্রকাশিত হোৱাৰ উপৰিও ২০১৬ চনত আচাৰ্য দ্ৰোণৰ
আধাৰত ৰচিত হয় ‘দ্রোণাচার্য'। ভীষ্ম চৰিত্ৰৰ আধাৰত হেমচন্দ্ৰ ৰাজখোৱাৰ ২০১৫ চনৰ ‘পিতামহ' উপন্যাস, দ্রুপদ নন্দিনী তথা ধৃষ্টদ্যুম্নৰ বায়েক দ্রৌপদীৰ
জীৱনব্যঞ্জক উপন্যাস পৰিণীতা শৰ্মাৰ ‘দ্রৌপদী' (২০১৬), মহাধনুৰ্ধৰৰ
জীৱনবৃত্তৰে শীৰ্ষ চৰিত্ৰ অর্জুনৰ কাহিনী সম্বলিত দেৱযানী ভাগৱতী নাথৰ ‘মই অর্জুন' (২০১৭) ইত্যাদি এনে ধাৰাৰ প্ৰকৃতি প্রকাশক উপন্যাস। এই
শ্রেণীৰ চৰিত্ৰবোৰৰ মাজত নাৰী চৰিত্ৰক মুখ্য কৰি নাৰীমুখী ভাৱনাক ঐতিহাসিক ৰূপেৰে
উপন্যাসৰ মাধ্যমেৰে প্রসিদ্ধ আৰু প্ৰতিষ্ঠাপিত কৰিব বিচৰাটোও আন এক প্রশংসনীয়
পদক্ষেপ।
নাৰী আৰু পুৰুষৰ
অনুভূতিৰ আধাৰতো বহুতো উপন্যাস ৰচিত হৈছে। আনকি দুই এক উপন্যাসত কিন্নৰ জীৱনৰ
উপস্থাপনও দেখা যায়। অসমত কিন্নৰ প্ৰভাৱ-জীৱনৰ পৰিৱৰ্তে সমকামী প্ৰভাৱৰ ওপৰতো দুই
এক উপন্যাস ৰচিত হৈছে। সেই ক্ষেত্রত মণিকুন্তলা ভট্টাচাৰ্যৰ ২০০৬ চনত গ্রন্থাকাৰে
প্ৰকাশিত ‘মুক্তি' শীর্ষক উপন্যাস অন্যতম। য'ত সমকামিতা, পুৰুষ যৌনকর্মী, পুৰুষে পুৰুষৰ ওপৰত চলোৱা যৌন কেন্দ্রিক নিৰ্যাতনৰ বিভিন্ন
পৰিস্থিতি, সমস্যাদি ঔপন্যাসিকাৰ জৰিয়তে স্পষ্ট
হৈছে। তৃতীয় লিংগক বিষয় কৰি আন এক দৃষ্টিকোণেৰে অনুৰাধা শৰ্মা পূজাৰীয়ে ২০১৩ চনত ‘নীল প্রজাপতি' ৰচনা কৰিছিল। মানুহৰ মনস্তত্ত্বত ক্রিয়া কৰা যৌন চেতনা, বিকৃত আচাৰ, সৰু সৰু ল’ৰাও যৌন কামনাৰ কবলত পৰি
ভুক্তভোগী হোৱা প্রসঙ্গ সমাজৰ আন এক সমস্যা। মাইনী মহন্তইও ‘স্পর্শ' (২০০৬) শীর্ষক
উপন্যাসেৰে মানসী চৰিত্ৰক আধাৰ কৰি লিংগ সচেতনতাৰ আন এক দিশ স্পষ্ট কৰিছে। যৌনতাৰ
মুক্ত চিত্ৰণে এই ধাৰাৰ উপন্যাসক অনন্য মাত্ৰা প্ৰদান কৰিছে।
বিশ্ববাসীৰ সন্মুখত ধৰা
দিয়া অনাকাংক্ষিত মহামাৰী ক'ভিড ১৯(Covid-19) আধাৰিত উপন্যাস একবিংশ শতিকাৰ উল্লেযোগ্য সৃষ্টি।
ডাঃ শুভ্র কিংকৰ গোস্বামীৰ ‘নীল নক্ষত্ৰৰ সুৰ’ উপন্যাসখন অসম আন্দোলন আৰু ক'ভিডৰ সময়ছোৱাত সৃষ্ট পৰিৱেশৰ অনুভৱৰে আৱদ্ধ হোৱা দেখা যায়।
সাম্রাজ্যবাদ, শোষণ-বঞ্চনা, ৰাজনীতি, সমাজনীতি, অর্থনীতিক স্পর্শ কৰিবলৈ যত্ন কৰি অৰূপা পটঙ্গীয়া কলিতাই ‘টোকোৰা বাহৰ সোণৰ বেজী' শীর্ষক উপন্যাস ২০১৪ চনত প্রকাশ কৰি অন্য এক অনুভৱলৈ পাঠকক ধাৱিত কৰাইছে।
অৱশ্যে তেওঁৰ ‘ফেলানী' (২০০৭), ‘মিলেনিয়ামৰ সপোন' (২০০২), ‘অৰুণিমাৰ স্বদেশ' (২০০০) নতুবা ‘ৰঙামাটিৰ
পাহাৰটো'
শীর্ষক ২০১০ চনত প্রকাশিত উপন্যাসো অনন্য প্ৰকাশ। একেদৰে
একবিংশ শতিকাৰ উপন্যাসৰ শৰীৰটোক তেজ-বল-শক্তিৰে সমৃদ্ধ কৰা অন্যতম ঔপন্যাসিক ধ্রুৱজ্যোতি বৰাৰ ‘কথা ৰত্নাকৰ' (২০০৭), চৈয়দ আব্দুল মালিক
বঁটা বিজয়ী ‘স্বর্গাদপী', ২০০৮ চনত প্রকাশিত ‘কাহিনী' উপন্যাসো অন্যতম। আনহাতে পৰিৱৰ্তন, ঔপনিবেশিক শাসন, শাসক-শাসিত, ৰাজনৈতিক দ্বন্দ্বৰে শ্রীঅৰুণ শৰ্মাৰ
‘সংকল্প' (২০০৮) উপন্যাসো
তাৎপর্যপূর্ণ প্রকাশ। একেদৰে গুৰুত্বপূর্ণ দিলীপ বৰাৰ ‘বধ্যভূমিত একলব্য' (২০১০) উপন্যাস, য'ত চিহ্নিত হৈছে নৰকাসুৰৰ পৰা ৰুদ্ৰসিংহলৈকে গঢ়িত অসমৰ
অস্তিত্ব আৰু বিপদাপন্ন স্বৰূপ। এই শ্ৰেণীৰ
উপন্যাসে অসমৰ ৰাজনীতি, সমাজনীতি, অৰ্থনীতি দিশত নতুন দৃষ্টিভংগীৰ জন্ম দিয়াৰ লগতে ভৱিষ্যত
সম্ভাৱনীয়তাৰ অনিসন্ধিৎসু মন এটাৰ পোষকতা কৰিছে।
অৰুণাচল
প্ৰদেশৰ জীৱন চর্যা, জনগোট, বিশ্বাস-পৰম্পৰা, সুখ-দুখৰ মুহূর্ত ইত্যাদিৰ আধাৰতো
অসমীয়া ভাষাত প্রশংসনীয়ভাৱে উপন্যাস ৰচনা হৈছে।
শেহতীয়াভাৱে ২০১৯ চনত য়েছে দৰজে ঠংচিয়ে
কেইবাখনো গুৰুত্বপূর্ণ উপন্যাস ৰচনা কৰি সমন্বয় -সংস্কৃতিৰ পৰিচয় দাঙি ধৰিছে। তেওঁৰ ‘মৌন ওঁঠ মুখৰ হৃদয়' (২০০০) শীর্ষক উপন্যাসত
চেৰদুকপেন আৰু অৰুণাচলৰ আন জনগোষ্ঠীৰ সমাজ জীৱনৰ চিত্ৰ ৰূপায়ণ হৈছে। একেদৰে ২০০৪ চনত প্রকাশিত আন এখন উপন্যাস ‘শৱ কটা মানুহ'ত মনপা
জনগোষ্ঠীৰ ব্যতিক্ৰম বিশ্বাস, পাৰস্পৰিক ৰীতি-
নীতি পৰিস্ফুত হৈছে। তেওঁলোকৰ মতে কোনো মনপা লোকৰ মৃত্যু হ'লে ১০৮ টুকুৰাকৈ শৱ কটাটো নিয়ম। সামাজিক উপন্যাসখনত অনেক
দিশো প্রতিফলিত হৈছে। ‘মই আকৌ জনম ল'ম' (২০১১) উপন্যাসত
তিব্বতীয় লামা পন্থীসকলৰ জন্মান্তৰ, পৰম্পৰাৰ লগতে আন আন দিশো প্রতিফলিত হৈছে। ২০০৩ চনত প্রকাশিত কেংচাম কেংলাঙৰ
অসমীয়া ভাষাত ৰচিত ‘লংকাই আৰু থাকনাং' টাংছা জনজাতিৰ জীৱন আধাৰিত পাৰিবাৰিক সংঘাতৰ কাহিনী। একে
জনজাতিৰ আধাৰত ৰচিত ৱাংচাম জংচামেৰ ২০০৪ চনৰ ‘পাটকাই
পাহাৰৰ সেউজীয়া তলুৱাত' এখন সৰু উপন্যাস। সামাজিক বিভিন্ন বিধি ব্যৱস্থা ‘খাফাং' বা বিচাৰ, টাংছাৰ অৰ্থনৈতিক অৱস্থিতি, সামাজিক ভেদাভেদ, চাংলা গাঁৱৰ শৈক্ষিক স্থিতি, লোকাচাৰ, মঙল চোৱাৰ নিয়ম, ধৰ্মদেৱতা, ‘বাংফ্ৰা'ৰ উল্লেখ আদিত টাংছাৰ জীৱন চৰ্যাৰ কিয়দংশৰ অৱগত হ'ব পাৰি।
বড়ো জনজাতিৰ ওপৰতো ২০০০ চনত সুনীতি
সোণোৱালে ‘আঁহতৰ তলৰ চ'ল বাথা' উপন্যাস ৰচনা
কৰিছে। উপন্যাসখনে সমাজ বাস্তৱিক ধাৰাত থাকি
সংঘটিত জাতীয় সমস্যা, অস্তিত্ব, সাংস্কৃতিক পৰিচৰ্যাৰ স্বাক্ষৰো বহন কৰাত উপন্যাসখনৰ
গুৰুত্ব বাঢ়িছে। ২০০৯ চনত তেওঁৰে আন এখন উপন্যাস ‘আয়োহে বাথা ৰাজা' আত্মজীৱনৰ
প্রভাৱযুক্ত, ভূমিপুত্রৰ প্রতি কৌশলগত বঞ্চনা, গণতন্ত্রত সম অধিকাৰৰ চিন্তা-চেতনাৰে আন্দোলন, আত্মনিয়ন্ত্রণ সংগ্ৰামৰ বিমর্ষ কাহিনী বা ঘটনা।
ৰংবং তেৰাঙেও প্রতিনিধিত্বমূলকভাৱে আৰু যথেষ্ট প্রভাৱশীল ৰূপত কার্বি জনজীৱনক লৈ উপন্যাস ৰচনা
কৰিছে। ১৯৮১ চনতে ‘ৰং মিলিৰ হাঁহি'ৰ স্ৰষ্টাজনে ২০০১ চনতে ‘নীলা অর্কিড', ‘ক্রান্তিকালৰ অশ্রু' (২০০৫), ‘জাক হেৰোৱা পক্ষী' (২০০৫), ২০০৯ চনত ‘মিৰবিন' আদি উল্লেখযোগ্য
উপন্যাস ৰচনাৰ সূচনাৰে জাতীয় নেতৃত্ব বহন কৰিছিল। লুম্বেৰ দাইয়ে ১৯৬১ চনতে ‘পাহাৰৰ শিলে শিলে' শীর্ষক উপন্যাসৰ জৰিয়তে আদি জনজাতিৰ সামাজিক জীৱনচর্যাক পোহৰলৈ আনিছিল।
জনজাতিৰ মাজত আধুনিকতাৰ পৰশ, বিশ্বাস, অন্ধবিশ্বাস, ৰক্ষণশীলতা, জাত-পাত, ভেদা-ভেদৰ মনোভাৱ, প্রতিহিংসা আদি বিধ্বস্ত দিশ বিদ্যমান আৰু ঔপন্যাসিকে তেনে
ৰূপবোৰকো পোহৰলৈ অনাৰ প্ৰয়াস কৰিছিল। জনজাতীয়
উপন্যাসসমূহ জনজাতিবোৰৰ আত্মপৰিচয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত মাইলৰ খুঁটি স্বৰূপ।
একবিংশ শতিকাত অসমীয়া
সাহিত্যৰ অন্যতম বিধা উপন্যাসে এক নতুন সাজেৰে সজ্জিত হোৱা পৰিলক্ষিত হয়। উপন্যাসসমূহ নৱ অভ্যুদয়েৰে আৱদ্ধ হয়। বিষয়বস্তুকে আদি কৰি শৈলীগত দিশ, আংগীকৰ ব্যৱহাৰ, প্ৰকাশভংগী আদি সকলোতে নতুনৰ প্ৰলেপ
পৰিদৃষ্ট হয়। এনে নতুনত্বই অসমীয়া উপন্যাসৰ পৰম্পৰাক সাৱলীল ৰূপত আত্মপ্ৰকাশৰ
বাট মুকলি কৰিছে।
প্ৰসংগ পুথি:
জয়ন্ত
দত্ত,
গীতাশ্ৰী শইকীয়া(সম্পা.) : একবিংশ শতিকাৰ অসমীয়া উপন্যাস
গোবিন্দ
প্ৰসাদ শৰ্মা: উপন্যাস আৰু অসমীয়া উপন্যাস
হোমেন
বৰগোহাঞি: অসমীয়া সাহিত্যৰ বুৰঞ্জী(ষষ্ঠ খণ্ড, ABILAC)
সত্যেন্দ্ৰনাথ
শৰ্মা: অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত
ঋতুৰাজ শইকীয়া
স্নাতকোত্তৰ প্ৰথম ষান্মাসিক
অসমীয়া বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়
২০২৪ বর্ষ

No comments:
Post a Comment