Tuesday, 6 May 2025

অসমীয়া ভাষা-সাহিত্য চৰ্চালৈ হেমচন্দ্ৰ গোস্বামীৰ অৱদান

 

 

অসমীয়া ভাষা-সাহিত্য চৰ্চালৈ হেমচন্দ্ৰ গোস্বামীৰ অৱদান



 

অসমীয়া ভাষা-সাহিত্যৰ এগৰাকী মুধা ফুটা ব্যক্তি হৈছে হেমচন্দ্ৰ গোস্বামী (১৮৭২ -১৯২৮)। কষ্ট আৰু ত্যাগৰ বলত অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰখন সমৃদ্ধ কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা সাহিত্যিক সকলৰ মাজত অন্যতম হেমচন্দ্ৰ গোস্বামী।

              লোক- সমাজত প্ৰচলিত যি মূলা বাঢ়ে দুপাততে চিন ফকৰা- যোজনা বিধৰ সাৰ্থক প্ৰকাশ গোস্বামীৰ জীৱনত দেখা যায়। তেখেতে পঞ্চম শ্ৰেণীত অধ্যয়নৰত অৱস্থাতেই ক্ষেতি নামেৰে এখনি ৰচনা লেখি প্ৰতিভাৰ পৰিচয় দিছিল। সেই সময়ত তেখেতৰ বয়স মাত্ৰ ১৩ বছৰ আছিল। তেনেদৰেই নগাঁৱতেই প্ৰথম কবিতা (বিশ্বাস) আৰু ৰচনা লিখি গোস্বামীৰ মাতৃভাষা স্নেহৰ পাহি মেলে।

              হেমচন্দ্ৰ গোস্বামী ১৮৮৮ চনৰ জুন মাহত উচ্চ শিক্ষা গ্ৰহণৰ বাবে কলিকতালৈ যায়। তাত তেওঁ কলেজৰ অধ্যয়নতকৈ মাতৃভাষাৰ উন্নয়ন সধাৰ ক্ষেত্ৰতহে বেছিকৈ মনোনিৱেশ কৰে। নগাঁৱতেই পাহি মেলা মাতৃভাষা স্নেহে কলিকতাত লহপহকৈ বাঢ়িবলৈ ধৰে। গোস্বামীয়ে সকলো ছাত্ৰ ছাত্ৰীকে একগোট কৰি সাহিত্যালোচনী সভা এখন পতাৰ জো-যা কৰিছিল। পৰৱৰ্তী পৰ্যায়ত তেখেতৰ উদ্যোগতেই কলিকতাত অ. ভা. উ. সা সভাৰ প্ৰতিষ্ঠা হয়। ১৮৯০ চনৰ ২৫ আগষ্টত অনুষ্ঠিত হোৱা এক সভাত লক্ষ্মীনাথ বেজবৰুৱাক সম্পাদক আৰু হেমচন্দ্ৰ গোস্বামীক সহকাৰী সম্পাক পতা হয়। হেমচন্দ্ৰ গোস্বামী অ. ভা. উ. সা. সভাৰ কামত নানা ধৰণেৰে ব্যস্ত আছিল। প্ৰতি সপ্তাহে বুধ আৰু শনিবাৰে দুদিনকৈ বহা সভাৰ জাননী দিয়া, সভাৰ কাৰ্য- বিৱৰণী টুকি ৰখা, বক্তাসকলৰ বক্তৃতাৰ চমু টোকা কৰা, ৰচনাত কোনে কি আলোচনা কৰিলে তাৰ এক সংক্ষিপ্তসাৰ লিখি ৰখা আদি বিভিন্ন কামত হেমচন্দ্ৰ গোস্বামী ব্যস্ত আছিল।

             কলিকতা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ দ্বিতীয় বছৰেকীয়া অধিৱেশনত হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া ভাষা নামেৰে এখনি ৰচনা পাঠ কৰে। এই ৰচনাখনি আছিল অসমীয়া ভাষাৰ আত্মপ্ৰতিষ্ঠাৰ যুঁজখনৰ এক বৌদ্ধিক অস্ত্ৰ। ইয়াৰ জৰিয়তে যুক্তিৰে দেখুৱালে যে অসমীয়া ভাষা বাংলাৰ পৰা সম্পূৰ্ণ পৃথক অসমীয়া আৰু বাংলাৰ মূল সংস্কৃত হোৱাৰ বাবে পৰস্পৰৰ  কোনো কোনো শব্দৰ মিল থকাটো স্বাভাৱিক।

              অ. ভা. উ. সা. সভাৰ মুখপত্ৰ হিচাপে ১৮৮৯ চনত জোনাকী কাকতৰ জন্ম হয়। জোনাকী কাকতত কলমেৰে অসমীয়া ভাষা সহিত্যৰ সৃষ্টিৰ কঠিয়া সিঁচা পুৰোধা ব্যক্তিসকলৰ ভিতৰত অন্যতম আছিল হেমচন্দ্ৰ গোস্বামী। জোনাকীৰ প্ৰথম সংখ্যাতেই মহাৰাজ ৰুদ্ৰসিংহ দিনত অসমে শীৰ্ষক এটি প্ৰবন্ধ লিখিছিল। পৰৱৰ্তী দ্বিতীয় আৰু তৃতীয় বছৰত হেমচন্দ্ৰ গোস্বামী জোনাকী ৰ সম্পাদকৰূপে নিয়োজিত হয়। গোস্বামীয়ে জোনাকী খনক নিজৰ সন্তানৰ দৰে তুলি-তালি সমৃদ্ধ কৰি তুলিছিল। বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ, কনকলাল বৰুৱা সকলোৱেই হেমচন্দ্ৰ গোস্বামীক জোনাকী ৰ মূল অভিভাৱক পাতি থৈছিল। চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদকৰ দায়িত্ব এৰি কলিকতালৈ যোৱাৰ পাছত গোস্বামীয়ে জোনাকীৰ বাবে অহোপুৰুষাৰ্থ নকৰা হলে তেতিয়াই জোনাকীয়ে মৃত্যুক আঁকোৱালি ললে হয়।

            ১৯০৭ চনত ফুলৰ চাকি নামেৰে তেওঁৰ একমাত্ৰ কবিতা সংকলনখনি প্ৰকাশ পায়। নগাঁৱৰ হাইস্কুলত পঢ়ি থকা অৱস্থাত আসাম তৰা, আসাম বন্ধু আৰু কলিকতাত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা অৱস্থাত জোনাকী ৰ পাতত প্ৰকাশিত কবিতাবোৰৰ একত্ৰ ৰূপেৰে এই কবিতা পুথিখনৰ প্ৰকাশ কৰিছিল। প্ৰিয়তমাৰ চিঠি, কাকো আৰু হিয়া নিবিলাও, পুৱা আদি বিভিন্ন ৰুচিৰ কবিতাৰে সংকলন খনৰ শোভাবৰ্ধন কৰিছে। গোস্বামীয়ে  প্ৰিয়তমা চিঠি ৰ জৰিয়তে চনেট নামৰ এক নতুন সাহিত্যিক বিধাৰ অসমীয়া সাহিত্যলৈ আগমন ঘটালে।

             হেমচন্দ্ৰ গোস্বামীৰ অসমীয়া বুৰঞ্জী সাহিত্যৰ ক্ষেত্ৰটো অৱদান উল্লেখনীয়। তেখেতে গেইটৰ বুৰঞ্জীৰ সমলীয়া হিচাপে কাম কৰিছিল। অসমৰ বিভিন্ন ঠাইৰ পৰা অসমীয়া ঐতিসাহিক পাঠবোৰ সংগ্ৰহ কৰি তাৰ এক তালিকা প্ৰস্তুত কৰিছিল। তদুপৰি, সংগ্ৰহ কৰা সাঁচিপতীয়া পুথিবোৰৰ পৰাই ১৯৩০ চনত Descriptive Catalogue of Assamese Manuscripts লিখি উলিয়াইছিল। ইয়াত হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া সাঁচিপতীয়া পুথিৰ এক বিৱৰণাত্মক তালিকা দিবলৈ যত্ন কৰিছিল। অৰ্চডেল অৰ্লেৰ উদাৰতা আৰু মহানুভৱতা আৰু লগতে পি. আৰ. টি গৰ্ডন চাহাবৰ তৎপৰতাত ১৯১২ চনৰ ১ অক্টোবৰৰ পৰা ছমাহ দিন ধৰি অনুসন্ধানত বৰ্তি হৈ এই পুথিখিনি সংগ্ৰহ কৰিছিল।

            হেমচন্দ্ৰ গোস্বামীৰ অপূৰ্ব সৃষ্টি অসমীয়া সাহিত্যৰ চানেকি অসমীয়া ভাষাই পাঠ্যৰূপ পোৱাৰ মূল ধ্বজাবাহক। কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ পাঠ্যক্ৰম হিচাপে অসমীয়া ভাষা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এক দলিল হিচাপে গোস্বামীয়ে এই পুথি  সম্পাদনা কৰে। ই পূৰ্ব সংগ্ৰহীত বিভিন্ন পাঠৰ একত্ৰ ৰূপ।  ১৯২৩ চনৰ পৰা ১৯২৯ চনৰ ভিতৰত মুঠ সাতটা খণ্ডত এই পুথি প্ৰকাশ হৈছিল। এই পুথিখনতেই গোস্বামীয়ে অসমীয়া ভাষাৰ যুগবিভাজন কৰিছিল। পুথিখনৰ অন্তৰালত পি আৰ টি গৰ্ডন, হেমচন্দ্ৰ গোস্বামী আৰু ভোলানাথ বৰুৱা এই তিনিও গৰাকী পুৰোধা ব্যক্তিৰ অৱদান চিৰস্মৰণীয়।

           অসমীয়া ভাষাৰ মূল্যৱান সম্পদ হেমকোষ প্ৰকাশৰ ক্ষেত্ৰত হেমচন্দ্ৰ গোস্বামীৰ অৱদান অতি গুৰুতত্বপূৰ্ণ। হেমকোষৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাই অভিধানখন চপোৱাৰ আগতেই ইহলোকৰ পৰা মেলানি মাগে। মৃত্যুৰ আগেয়েই তেওঁ হেমকোষখন ছপাব খুজিছিল যদিও ৰোগে বৰকৈ জুৰুলা কৰা দেখি ছপোৱাৰ আশা এৰি দি জনচাৰেকক উচি পাতি উইল কৰি পুথিখন তেওঁবিলাকৰ হাতত দি থৈ গল। বৰুৱাৰ মৃত্যুৰ খবৰ পাই হেমকোষ খন নষ্ট নোহোৱাকৈ কোনোমতে ৰক্ষা কৰিবৰ বাবে বন্ধু গেইট চাহাবক অনুৰোধ জনালে। নানা কাকুতি মিনতিৰে গৱৰ্ণমেণ্টৰ হতুৱাই প্ৰকাশ কৰোৱাবলৈ গেইটক মান্তি কৰালে। তাৰ পাছত ইয়াৰ প্ৰকাশৰ বাবে নানা বাক্‌-বিতন্দাৰ সূত্ৰপাত হৈছিল। এনেতে বিভিন্ন সমালোচনা, প্ৰতিবন্ধকতাৰ প্ৰাচীৰ অতিক্ৰম কৰা হেমচন্দ্ৰ গোস্বামীৰ আগত ধৰা দিলেহি অন্য এক ডাঙৰ বিপদ --- ১৮৯৭ চনৰ বৰভুঁইকঁপ। হেমকোষ ৰ পাণ্ডুলিপি আৰু আৰ্হি - কাকত সকলো মাটিৰ তলত পোত খালে। পুথিৰ কেতবোৰ পাত জেকিল, কেতবোৰৰ আখৰ উৱঁলি গৈছিল । আখৰবোৰ নি:চিহ্ন হোৱাৰ পৰা কথমপিহে ৰক্ষা পৰিছিল। পৰৱৰ্তী সময়ত হেমকোষ ৰ পাতবোৰ মিলাই মিলাই হেমচন্দ্ৰ গোস্বামীয়ে নকল কৰিছিল। এনে কষ্টসাধ্য কাম কৰি হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া ভাষা আৰু সাহিত্যলৈ আপুৰুগীয়া সম্পদ হেমকোষ প্ৰদান কৰি গল। এই  যাওঁতিযুগীয়া খ্যাতি সদায় সমীয়া ভাষা - সাহিত্যৰ ইতিহাসত জিলিকি ৰব।

          কলিকতা বিশ্ববিদ্যালয়ৰ বি. শ্ৰেণীত অসমীয়া প্ৰচলনৰ ক্ষেত্ৰটো হেমচন্দ্ৰ গোস্বামীৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। অসমীয়া ভাষা প্ৰচলনৰ প্ৰস্তুতি হিচাপে চাৰ বেম্পফীল্ড ফুলাৰ, দুৱলীয়া লাটৰ গৱৰ্ণমেণ্টে কটন কলেজৰ অধ্যক্ষ আৰু কলিকতা ইউনিভাৰচিটিৰ ফেল মি: এফ ডব্লিউ চুডমাৰ্চন চাহাবক অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশ সম্পৰ্কে এটি প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ অনুৰোধ কৰিছিল। তাৰেই প্ৰচেষ্টা হিচাপে কেইবাজনো ভাষানুৰাগী পণ্ডিতলৈ এঘাৰটি প্ৰশ্নৰে সৈতে দিহা- পৰামৰ্শ বিচাৰি একোখনি গোহাৰি - পত্ৰ  পঠিয়ালে। গোহাৰি- পত্ৰ পোৱা সকলোৱেই এই কামৰ বাবে হেমচন্দ্ৰ গোস্বামী যোগ্য বুলি বিশ্বাস কৰিছিল। হেমচন্দ্ৰ গোস্বামীয়ে পদ্মনাথ গোহাঞি বৰুৱাৰ লগ হৈ প্ৰশ্নসমূহৰ উত্তৰ কৰি চুডমাৰ্চনক দিলে। চুডমাৰ্চনে ট অন দি আচামীজ লেংগেৱেজ নাম দি মনগ্ৰাফ ৰ পুস্তিকাখন গৱৰ্ণমেণ্টলৈ পঠালে। তেতিয়াৰে পৰাই বি. এ শ্ৰেণীত অসমীয়া ভাষাও পাঠ্যৰূপে প্ৰতিষ্ঠা লাভ কৰিলে।

 

হেমচন্দ্ৰ গোস্বামীৰ সাহিত্যৰাজিসমূহ থোৰতে এনেধৰণৰ :

ফুলৰ চাকি ( কবিতা সংকলন )

হেমকোষ ( অভিধান )

দৰং ৰাজবংশাৱলী ( বুৰঞ্জী পুথি )

পুৰণি অসম বুৰঞ্জী ( বুৰঞ্জী পুথি )

কামৰত্নতন্ত্ৰ ( মন্ত্ৰপুথি )

Descriptive Catalogue of Assamese Manuscripts ( বিৱৰণাত্মক তালিকা )

অংকীয়া নাট ( নাটৰ সংকলন )

কথা ভাগৱত ( অনুবাদ গ্ৰন্থ )

ঘোৰা নিদান ( ব্যৱহাৰিক পুথি )

সম্পাদিত পুথি : ক) হস্তীবিদ্যাৰ্ণৱ

                        খ) হস্ত মুক্তাৱলী

                        গ) যোগিনীতন্ত্ৰ

 

             বৰ্তমান অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ শুভ ক্ষণত হেমচন্দ্ৰ গোস্বামী এক লেখত ল'বলগীয়া নাম। তেওঁৰ সমগ্ৰ জীৱন পৰিক্ৰমা অসমীয়া ভাষা- সাহিত্যৰ লগত সংপৃক্ত। মাতৃভাষা আৰু মাতৃভূমিৰ প্ৰতি থকা অকৃত্ৰিম ভাল পোৱা, শ্ৰদ্ধা আৰু ভক্তিয়ে এনে বহু ভাষানুৰাগীৰ জন্ম দিছিল। তেওঁলোকৰ কষ্ট আৰু সাধনাৰ বলতেই আজি অসমীয়া জাতি ভাষা আৰু সাহিত্যৰ দিশত গৌৰাম্বিত। এক কথাত হেমচন্দ্ৰ গোস্বামী আছিল অসমীয়া ভাষা-সাহিত্যৰ জাতীয় কাণ্ডাৰী।

 

 

  ঋতুৰাজ শইকীয়া

স্নাতকোত্তৰ প্ৰথম ষান্মাসিক

অসমীয়া বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়

২০২৪ বর্ষ

                                                  

 

No comments:

Post a Comment

একবিংশ শতিকাৰ অসমীয়া উপন্যাস: এক সমীক্ষাত্মক আলোচনা

  একবিংশ শতিকাৰ অসমীয়া উপন্যাস: এক সমীক্ষাত্মক আলোচনা সাহিত্যৰ বিভিন্ন অংগৰ ভিতৰত মানৱ জীৱন পূর্ণভাবে চিত্রিত কৰাৰ ক্ষেত্ৰত অন্যতম হ ...

Popular Posts